মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই পৰ্যটকৰ বাবে আজিৰেপৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰিছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা মথনগুৰিলৈ পৰ্যটকৰ বাবে জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰেপৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰা হয়। উল্লেখযোগ্য যে ২০২৩-২৪ পৰ্যটন বৰ্ষত মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই ১ কোটি ৩০ লাখ টকা ৰাজহ সংগ্ৰহ কৰিছে।
Site Admin | June 20, 2024 7:42 PM | MANASH NATIONAL PARK