বাৰিষাৰ পৰিপ্ৰেক্ষিতত মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফ্টিং পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ড০ চি ৰমেশে এখন জাননীযোগে এই কথা সদৰী কৰিছে। লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বন সংমণ্ডল বিষয়া বাৰীন বড়োৱে ২০ জুনলৈকেহে উদ্যানখনত জীপ ছাফাৰী চলিব বুলি উল্লেখ কৰে। অক্টোবৰত পুনৰ পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে।
Assamese | June 9, 2025 12:17 PM | MANASH NATIONAL PARK
মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী-ৰিভাৰ ৰাফটিং বন্ধ