ৰাজ্যৰ পৰ্যটন বিভাগে বড়োলেণ্ড পৰ্যটন বিভাগৰ সহযোগত মানসত আজি বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হৈছে। বিশ্ব পৰ্যটন দিৱসৰ সমান্তৰালভাৱে আজি ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পৰ্যটকৰ বাবে মানসৰ প্ৰৱেশদ্বাৰ মুকলি কৰে। তেওঁ বি টি আৰ অঞ্চলত শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশ ঘূৰি অহাৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ সংখ্যা বিগত বছৰসমূহত বৃদ্ধি পাইছে বুলি মন্তব্য কৰে। অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো উপস্থিত থাকি বছৰি এই ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটক সংখ্যা বৃদ্ধি পোৱাৰ দৰে এইবাৰো যথেষ্ট সংখ্যক দর্শনাৰ্থীৰ আগমন ঘটিব বুলি আশা প্রকাশ কৰে। এই উপলক্ষে আজি এটা বাৰেৰহণীয়া শোভাযাত্ৰা উলিওৱা হয়। উল্লেখযোগ্য যে ২০২৪-২৫ বৰ্ষৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলিৰ দিন পূৰ্বে ১ অক্টোবৰ ধাৰ্য কৰা হৈছিল যদিও পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি বিভাগীয় কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখন আজিৰেপৰা পৰ্যটকৰ কাৰণে পুনৰ মুকলি কৰে। ইফালে, বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰ জিলাৰ লহন গাঁৱত অৱস্থিত গ্রাম্যানুভূতি গ্রাম্য পর্যটন ক্ষেত্ৰখন আজি সন্ধিয়া আনুষ্ঠানিকভাৱে দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ব। গ্ৰাম্য পৰ্যটনৰ বিকাশ আৰু জিলাখনৰ ঐতিহাসিক তথা চহা গাঁৱলীয়া জীৱনৰ প্ৰতিচ্ছবি পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ নতুন ৰূপত সজাই জনসাধাৰণৰ বাবে মুকলি কৰিবলৈ আয়োজন কৰা এই অনুষ্ঠানত স্থানীয় বিধায়কৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
Site Admin | September 27, 2024 1:28 PM | Manas-National-Park tourism day