পশ্চিমবংগৰ ৰাজ্যপাল ড০ চি ভি আনন্দ বসুৱে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা বিবেচনা কৰিছে। এই সপ্তাহত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যিক সচিবালয় নবান্নৰ এখন সংবাদমেলত মহিলাসকলে কলকাতাৰ ৰাজভৱনলৈ যাবলৈ ভয় কৰে বুলি মন্তব্য কৰিছে। আমাৰ কলকাতা সংবাদদাতাই ৰাজভৱনৰ উদ্ধৃতিৰে জনাইছে যে, বৰ্তমানলৈকে কোনো মানহানিৰ গোচৰ ৰুজু কৰা হোৱা নাই। ৰাজ্যপাল বসু সম্প্রতি দিল্লীত আছে আৰু তেওঁ কলকাতালৈ ঘূৰি অহাৰ পাছতে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। একাংশ সংবাদ মাধ্যমে ৰাজ্যপাল চি ভি আনন্দ বসুৱে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে কলকাতা উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা বুলি বাতৰি প্ৰকাশ কৰিছে।
Site Admin | June 29, 2024 9:10 PM | mamata case governor wb