কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা সত্ত্বেও তৃণমূল কংগ্ৰেছৰ শাসনকালত পশ্চিমবংগ বিকাশৰ পথেৰে অগ্ৰসৰ হৈছেঃ মমতা বেনাৰ্জী

তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে কৈছে যে, কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা সত্ত্বেও দলটোৰ শাসনকালত পশ্চিমবংগ বিকাশৰ পথেৰে অগ্ৰসৰ হৈছে। পশ্চিমবংগৰ নাদিয়া জিলাৰ তেহট্টাত আজি কৃষ্ণানগৰৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হকে এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীমতী বেনাৰ্জীয়ে এইদৰে কয়। তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে কয় যে, তেওঁ পশ্চিমবংগত নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বলৱৎ হ’ব নিদিয়ে। ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ পৰা মহিলাসহ সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হৈছে বুলি তেওঁ দাবী কৰে। তেওঁ লগতে এই বুলিও অভিযোগ কৰে যে, বিজেপিৰ শাসনকালত কোনো নিৰাপদে নাথাকে আৰু এইবেলি বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰে। শ্ৰীমতী বেনাৰ্জীয়ে জনসাধাৰণক বিজেপিৰ ৰেলীৰ বিৰোধিতা কৰিবলৈ আৰু কেন্দ্ৰত এখন নতুন চৰকাৰ নিৰ্বাচিত কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক