ভাৰতৰ মালবিকা বেনছ’ডে টেক্সাছত চলি থকা ইউ এছ অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ কোৱাৰ্টাৰ ফাইনেলত স্কটলেণ্ডৰ কিৰষ্টি গীলমোৰক ১০-২১, ২১-১৫, ২১-১০ গেমত পৰাজিত কৰে। ভাৰতীয় খেলুৱৈগৰাকীয়ে আজি নিশা জাপানৰ নাটছুকি নিডাইৰাৰ বিৰুদ্ধে ছেমিফাইনেল খেলিব। ইপিনে, প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ প্ৰিয়াংশু ৰাজাৱাট চীনৰ লী লানঝিৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত ২১-১৫, ১১-২১, ১৮-২১ গেমত পৰাজিত হয়। মহিলাৰ ডাবলছ শাখাত ভাৰতীয় যুটি ট্ৰেছা জলী আৰু গায়ত্ৰী গোপিচান্দ জাপানৰ ৰুই হিৰোকামি আৰু য়ুনা কাটোৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত ১৭-২১, ২১-১৭, ১৯-২১ গেমত পৰাভূত হয়।
Site Admin | June 29, 2024 6:38 PM | Malvika Bansod has stormed into the Women's Singles semifinal of US Open