কৰিমগঞ্জ আৰক্ষীয়ে কালি সন্ধিয়া মালুৱা কান্দিগ্রাম অঞ্চলত অভিযান চলাই এজন যুৱকৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰে। গোপন তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত উদ্ধাৰ হোৱা মাদক দ্রব্যখিনিৰ মূল্য আনুমানিক ২ কোটি টকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। বদৰপুৰ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে। আজি যুৱকজনক আদালতত হাজিৰ কৰা হ’ব। ইপিনে, গোলাঘাট আৰক্ষীয়েও কালি সৰুপথাৰত অভিযান চলাই মাদক দ্রব্য সৰবৰাহকাৰী এটা দলক আটক কৰে। সৰবৰাহকাৰী দলটোৰ পৰা আৰক্ষীয়ে হেৰ’ইন জব্দ কৰে। এই ঘটনাৰ সৈতে জড়িত তিনিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে তদন্ত প্রক্রিয়া অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে এই মাদকদ্রব্যখিনি এখন চুবুৰীয়া ৰাজ্যৰ পৰা অনা হৈছিল। হেৰ’ইনখিনিৰ আনুমানিক মূল্য ৩ কোটি টকা বুলি জানিব পৰা গৈছে।
Site Admin | July 11, 2024 12:52 PM | Akashvani | Akashvani News
মালুৱা কান্দিগ্রাম অঞ্চলত কৰিমগঞ্জ আৰক্ষীৰ অভিযানত এজন যুৱকৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ
