ডাউনলোড
মোবাইল এপ

android apple
signal

কৰ্ণাটকৰ য়াদগিৰ জিলাৰ গুলৱাৰগা সংসদীয় সমষ্টিত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ নির্বাচনী প্ৰচাৰ

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই আজি কৰ্ণাটকৰ য়াদগিৰ জিলাৰ গুলৱাৰগা সংসদীয় সমষ্টিৰ গুৰমিটকলত এখন নির্বাচনী প্ৰচাৰ সভাত অংশ লয়। ভাষণ প্ৰসংগত শ্রীখার্গেই দেশত বৃদ্ধি পোৱা নিবনুৱা সমস্যা আৰু বর্ধিত মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণ ক্ষোভিত হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে, যদিহে আই এন ডি আই বিৰোধী ঐক্যমঞ্চ শাসনলৈ আহে তেতিয়া প্ৰতিটো ঘৰৰ এগৰাকী মহিলাক এক লাখ টকাকৈ প্ৰদান কৰা হ’ব। শ্রীখাৰ্গেই ১৯৭২ চনৰ পৰা ২০০৪ চনলৈকে গুৰমিটকল বিধানসভা সমষ্টিক প্রতিনিধিত্ব কৰিছিল। তেওঁ কয় যে, বিধায়ক হিচাপে আৰু কেবিনেট মন্ত্ৰী হিচাপে তেওঁ সমষ্টিটোৰ প্ৰতিখন গাঁৱত বৈদ্যুতিকীকৰণ কৰাৰ লগতে খোৱাপানী যোগান, ৰাস্তা-ঘাটৰ উন্নয়ন আৰু দৰিদ্ৰ লোকক বাসগৃহ প্রদান কৰিছিল। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে সম্পত্তি জব্দ কৰিব বুলি কোৱা কথা খণ্ডন কৰিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত এই সন্দৰ্ভত কোনো কথা উল্লেখ নাই।

অধিক পঢ়ক

সকলো চাওক