মালদ্বীপৰ ৰাষ্ট্ৰপতি ডº মহম্মদ মুইজ্জুৱে দেশখনত ভাৰতৰ উমৈহতীয়া ধনাদায় মঞ্চ ইউ পি আইৰ সুবিধা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে ঘোষণা কৰা অনুসৰি কেবিনেটৰ পৰামৰ্শমৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে মালদ্বীপৰ অৰ্থনীতিত বিত্তীয় অন্তৰ্ভুক্তি, লেনদেনত উন্নত সুবিধা আৰু বর্ধিত ডিজিটেল আন্তঃগাঁথনিকে ধৰি কেইবাটাও সুবিধা উপলব্ধ হ’ব বুলি আশা কৰা হৈছে। ভাৰতীয় পৰ্যটকসকলে ইয়াৰ জৰিয়তে মুদ্ৰা পৰিৱৰ্তন নকৰাকৈ ইউ পি আই সক্রিয় এপৰ জৰিয়তে ধনাদায় দিয়াৰ সুবিধা লাভ কৰিব। এইক্ষেত্ৰত ৰাষ্ট্ৰপতি ডº মুইজ্জুৱে দেশখনত ইউ পি আইৰ সুবিধা মুকলি কৰাৰ সুচলতা সুনিশ্চিত কৰিবলৈ এটা গোট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে দেশখনৰ বেংকসমূহ, টেলিকম সংস্থা, ৰাজহুৱা সংস্থা তথা বিত্তীয় প্রযুক্তি সংস্থাসমূহক এই গোটত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিছে। চলিত বৰ্ষৰ আগষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডº এছ জয়শংকৰৰ মালদ্বীপ ভ্ৰমণৰ সময়ছোৱাত দেশখনত ইউ পি আইৰ সুবিধা মুকলি কৰাৰ বাবে দেশদুখনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল। উল্লেখযোগ্য যে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ, শ্রীলংকা, ফ্রান্স, মালয়েছিয়া, ছিংগাপুৰ, নেপাল, গ্রেট ব্রিটেইন তথা মৰিচাছকে ধৰি কেইবাখনো ৰাষ্ট্ৰত ভাৰতীয় ৰাষ্ট্ৰীয় ধনাদায় নিগমৰ বিত্তীয় লেনদেন মঞ্চৰ সা-সুবিধাসমূহ উপলব্ধ। ইউ পি আইৰ সুবিধা ৰূপায়ণ হোৱাৰ লগে লগে ভাৰতে মিত্ৰদেশসমূহৰ সৈতে উন্নয়নমূলক অভিজ্ঞতা বিনিময় কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতা বাহাল ৰাখিছে।
Site Admin | October 21, 2024 11:28 AM | Indian UPI