ডাউনলোড
মোবাইল এপ

android apple
signal

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ডাট’ ছেৰি আনৱাৰ বিন ইব্রাহিম তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ডাট’ ছেৰি আনৱাৰ বিন ইব্রাহিমে আজিৰে পৰা তিনিদিনীয়া সূচীৰে ভাৰত ভ্ৰমণ কৰিব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এয়া হ’ব তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ। বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ভ্ৰমণৰ সময়ছোৱাত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰকো সাক্ষাৎ কৰিব। ভাৰত আৰু মালয়েছিয়াৰ শক্তিশালী ঐতিহাসিক আৰু সামাজিক সাংস্কৃতিক সম্পর্ক আছে। মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি, ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মালয়েছিয়া ভ্ৰমণৰ সময়ত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক বর্ধিত, কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হয়। প্রধানমন্ত্ৰী আনৱাৰ বিন ইব্রাহিমৰ ভাৰত ভ্ৰমণে বিভিন্ন খণ্ডৰ সহযোগিতাৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ জৰিয়তে ভৱিষ্যতে দুয়োখন দেশৰ দ্বিপাক্ষিক মিত্রতা অধিক শক্তিশালী কৰাৰ পথ মুকলি কৰিব।

অধিক পঢ়ক

সকলো চাওক