ডাউনলোড
মোবাইল এপ

android apple
signal

October 25, 2024 7:50 PM | Malriya

printer

২৩ অক্টোবৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে গ্লোবেল ফাণ্ডৰ এখন উচ্চ পৰ্যায়ৰ আঞ্চলিক পর্যালোচনা সভা অনুষ্ঠিত

ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত মেলেৰীয়া নিৰ্মল প্ৰকল্পৰ বাবে এইডছ, যক্ষ্মা আৰু মেলেৰীয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মহা প্ৰৱন্ধক অধ্যাপক অতুল গোৱেলৰ সভাপতিত্বত যোৱা ২৩ অক্টোবৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে গ্লোবেল ফাণ্ডৰ এখন উচ্চ পৰ্যায়ৰ আঞ্চলিক পর্যালোচনা সভা অনুষ্ঠিত হয়। পর্যালোচনা সভাত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ আয়ুক্ত সচিব, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অৰ্থনৈতিক উপদেষ্টা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান-অসমৰ অভিযান সঞ্চালক, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সঞ্চালককে ধৰি কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। তিনিদিনীয়া এই কাৰ্যসূচীত অসমৰ লগতে অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, ঝাৰখণ্ড, ওড়িশা আৰু চত্তিশগড়ৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। ২০২৭ চনৰ ভিতৰত দেশজুৰি বাহকজনিত ৰোগৰ লগতে মেলেৰীয়া প্ৰতিৰোধ কৰি সুস্থ পৰিবেশ গঢ়ি তোলাৰ লগতে ৰাজ্যসমূহৰ G.F.A.T.M. প্ৰকল্পৰ বাবে মেলেৰীয়া নিৰ্মূলৰ দিশে আগবঢ়াৰ অগ্ৰগতিৰ বিষয়ে সভাত বিশদভাৱে আলোচনা কৰা হয়। ইয়াৰ উপৰি সভাত G.F.A.T.M. প্রকল্প ৰাজ্যসমূহৰ অধীনৰ এপিডেমিঅ’লজিকেল পৰিস্থিতিৰ বিষয়ে পৰ্যালোচনা কৰা হয়। তদুপৰি ৰাজ্যখনৰ নির্বাচিত ৩ খন স্বাস্থ্যকেন্দ্ৰলৈ গৈ পুংখানুপুংখভাৱে নিৰীক্ষণ আৰু মূল্যায়ন কৰাৰ লগতে স্বাস্থ্য কেন্দ্ৰসমূহৰ প্রয়োজনীয় ঔষধ যাৱতীয় আচবাব ক্রয়, প্ৰচাৰ আৰু প্ৰসাৰ কাৰ্যকলাপ, স্বাস্থ্য কেন্দ্ৰসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিভিন্ন উপাদানসমূহৰ বিষয়ে পর্যালোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক