ডাউনলোড
মোবাইল এপ

android apple
signal

September 13, 2024 12:16 PM | Majuli

printer

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত

ৰাষ্ট্রীয় আইন সেৱা প্ৰাধিকৰণৰ নির্দেশ মতে অন্যান্য জিলাসমূহৰ লগতে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হব। এই লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, চেক বাউন্সৰ গোচৰ, যান-বাহন আইন ১৯৮৮ অধীনৰ গোচৰসমূহ নিষ্পত্তিৰ দিহা কৰা হৈছে। তদুপৰি বিভিন্ন বেংকৰ ঋণ আদায়, বিজুলী বিল আদায় সম্বন্ধীয়, বি-এছ-এন-এলৰ বিল গোচৰ সম্বন্ধীয় প্রাক মোকদমা গোচৰসমূহো মীমাংসাৰ বাবে লোৱা হব। মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু সচিবে মাজুলীবাসীক এই ৰাষ্ট্রীয় লোক আদালতত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। বিতং তথ্যৰ বাবে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় সমন্বয়কৰ ফোন নম্বৰ ৮৬৩৮০-২৮৮৭১ অথবা কার্যালয়ৰ মেইনত যোগাযোগ কৰিব পাৰে।

অধিক পঢ়ক

সকলো চাওক