মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মাজুলীক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে। কাজিৰঙাত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ কালিৰ উদ্বোধনী অনুষ্ঠানত পৰ্যটন আৰু সাংস্কৃতিক দপ্তৰৰ ৰাজ্য মন্ত্রী গজেন্দ্র সিং শেখাৱটক তেওঁ এই আহ্বান জনায়। অসমৰ ঘৰুৱা পৰ্যটন ক্ষেত্ৰ যোৱাটো পৰ্যটন বৰ্ষত ৫৭৫ শতাংশ বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, যে তৃতীয়বাৰলৈ উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা অসমত আয়োজন কৰাটো সন্মানৰ বিষয় আৰু এই উৎসৱে ইউনেস্ক’ৰ বিশ্ব পৰ্যটন ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৌৰৱ বৃদ্ধি কৰিব। এই মেলাই উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ বিশাল সম্ভাৱনাক অধিক উজ্জ্বল কৰি তোলাৰ লগতে উদ্যোগৰ উপৰি সাংস্কৃতিক বিনিময়, পৰিৱেশ সংৰক্ষণ আৰু অৰ্থনৈতিক উন্নয়নৰ পৰিৱৰ্তনশীল শক্তি হিচাপেও উন্মেষ সাধনত সহায় কৰিব বুলি ড° শৰ্মাই মন্তব্য কৰে।
ইপিনে, পর্যটন মেলাখন উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্র সিং শেখাৱটে কয়, যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন আৰু আন্তঃগাঁথনি খণ্ডৰ উন্নয়নৰদ্বাৰা অঞ্চলটোৰ অৰ্থনৈতিক প্ৰগতিক সুনিশ্চিত কৰাৰ বাবে বিশেষ গুৰুত্ব দিছে। যোৱা ১০ বছৰত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে পুঁজি আবণ্টন বৃদ্ধি কৰা বুলি উল্লেখ কৰি তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক দেশৰ বিকাশৰ বাবে অষ্টলক্ষ্মী আখ্যা দি অঞ্চলটোৰ উন্নয়নৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে৷ আনহাতে অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে যোৱা ১০ বছৰত ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰখনৰ ২০০ শতাংশ বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰি ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ কৰাৰ বাবে সশস্ত্র বাহিনীক বিশেষভাৱে ধন্যবাদ জনায়। উল্লেখযোগ্য যে কেন্দ্রীয় পৰ্যটন মন্ত্ৰ্যালয়ে আয়োজন কৰা মেলাখনে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ লগতে বাণিজ্য তথা উদ্যোগসমূহকো ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় এখন মঞ্চ দিছে। মেলাখনত ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় ট্যুৰ অপাৰেটৰ, হোটেল ব্যৱসায়ী, পৰ্যটন সেৱা আগবঢ়োৱা প্ৰায় ৪০০ প্রতিষ্ঠানে অংশগ্ৰহণ কৰিছে।