মাজুলীত বানৰ পাছত হ’ব পৰা সম্ভাৱ্য ৰোগৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতর্কতা অৱলম্বন প্ৰশাসনৰ

● মাজুলী জিলা প্রশাসনে জিলাখনত বানৰ পাছত হ’ব পৰা সম্ভাৱ্য ৰোগৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতর্কতা অৱলম্বন কৰিছে। ইয়াৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন ঠাইত জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জিলা স্বাস্থ্য বিভাগে প্রতিদিনে বিভিন্ন ঠাইত আয়োজন কৰা স্বাস্থ্য শিবিৰত ভালেমান জনসাধাৰণৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে। ইয়াৰ উপৰিও ৰোগ প্ৰতিৰোধ সন্দৰ্ভত অৱগত কৰাৰ বাবে জনসাধাৰণৰ মাজত বিশেষ সজাগতা সভাৰ আয়োজন কৰা হৈছে।

ইয়াৰ উপৰি বানত ক্ষতিগ্রস্ত জিলাখনৰ কৃষকসকলৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৃষি বিভাগে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০২৪-২৫ৰ অধীনত সমূহীয়া কঠিয়াতলীৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপ জেংৰাই কৃষি চক্ৰৰ অধীনত এডবা কঠিয়াতলীত কালি দুটা উন্নত প্ৰজাতিৰ অধিক উৎপাদনক্ষম ধানৰ বীজ সিঁচা হৈছে।

অধিক পঢ়ক

সকলো চাওক