মাজুলী জিলা আয়ুক্তই নির্বাচনী প্রশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি সকলো কাৰ্যসূচী নিৰীক্ষণ

♦ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলা প্রশাসনে প্রস্তুতি তীব্ৰতৰ কৰি তুলিছে। মাজুলীত নির্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে কালি মাজুলী আউনীআটি হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলাখনৰ ৭৯৬ গৰাকী প্রিজাইডিং, প্রথম পোলিং, দ্বিতীয় পোলিং আৰু তৃতীয় পোলিং বিষয়াক দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্রশিক্ষণ প্ৰদান কৰা হয়। মাজুলী জিলা আয়ুক্তই নির্বাচনী প্রশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি সকলো কাৰ্যসূচী নিৰীক্ষণ কৰে। মৰিগাঁও জিলাত নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া দেৱাশিষ শৰ্মাই নিৰ্বাচনৰ প্ৰতিটো কোষৰ কাম-কাজ আৰু বিভিন্ন কোষে সন্মুখীন হোৱা সমস্যাসমূহৰ সবিশেষ বুজ লয়। আয়ুক্তগৰাকীয়ে জিলাখনৰ ৬টা আদর্শ ভোটগ্রহণ কেন্দ্র আৰু ২৯ টা মহিলা ভোটগ্রহণ কেন্দ্ৰৰ অৱস্থা সম্পৰ্কে বুজ লোৱাৰ লগতে ভোটগ্রহণ কেন্দ্ৰসমূহত মহিলাৰ বাবে সুকীয়া শৌচাগাৰৰ ব্যৱস্থা কৰা আৰু মহিলা ভোটগ্ৰহণকাৰী সকলৰ বাবে ভোটগ্রহণৰ আগদিনা থকাৰ সুব্যৱস্থা সুনিশ্চিত কৰিবলৈ বিভাগীয় বিষয়া-কৰ্মচাৰীসকলক নির্দেশ দিয়ে। সভাত ন’ডেল বিষয়া আৰু সহকাৰী ৰিটার্নিং বিষয়াসকল উপস্থিত থাকে। বজালী জিলাতো কালি ৫৯৬ গৰাকী দ্বিতীয় আৰু ৫৫৯ গৰাকী তৃতীয় পোলিং বিষয়াক প্রশিক্ষণ প্ৰদান কৰা হয়। জিলা আয়ুক্তৰ নেতৃত্বত তথা কৰ্মচাৰী কোষৰ মুৰববী আৰু বিষয়াসকলৰ তত্বাৱধানত ৪৯ গৰাকী প্ৰশিক্ষকে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত পর্যায়ক্রমে পোলিং বিষয়াসকলক প্ৰশিক্ষণ প্রদান কৰে।

অধিক পঢ়ক

সকলো চাওক