পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত মাজুলী জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আচঁনিৰ পৰ্যালোচনা কৰে। মাজুলী সমষ্টিৰ বিধায়ক ভূবন গাম, মাজুলী জিলাৰ জিলা আয়ুক্ত ৰাতুল পাঠক, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিতিমণি পেগু,বিভিন্ন উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত সচিব,বিভাগ দুটাৰ আন জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ),এম জি এনৰেগা, পঞ্চদশ বিত্তীয় আয়োগ,অমৃত সৰোৱৰৰ কাম-কাজ আদিৰ পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে মাজুলী জিলাৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া প্ৰায় ৮০০ গৃহ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত পঞ্চায়ত সচিব সকলক সক্ৰিয় ভূমিকা পালন কৰাৰ বাবে তেওঁ নিৰ্দেশ দিয়ে। তেওঁ পঞ্চায়তৰ চলি থকা সকলো আঁচনিৰ কাম-কাজ জিলা আয়ুক্তক নিৰীক্ষণ কৰাৰ বাবেও নিৰ্দেশ দিয়ে। জিলা খনত সৰিয়হ খেতিৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ধান চপোৱাৰ পিছত যাতে সৰিয়হৰ খেতি কৰি লাভান্বিত হ’ব পাৰে তাৰ বাবে কৃষকসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ তেওঁ এ এচ আৰ এল এমৰ বিষয়াক নিৰ্দেশ দিয়ে। জিলাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে জিলা খনৰ নতুন ৰেচন কাৰ্ড প্ৰদান প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বৰ্তমানে জিলাখনত বিতৰণ কৰি থকা খাদ্য সামগ্ৰীৰ বিতৰণ প্ৰক্ৰিয়াৰো বুজ লয়। খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ ওচৰত উত্থাপন কৰা অভাৱ – অভিযোগ সমূহৰ ক্ষীপ্ৰ নিষ্পত্তিকৰণৰ ব্যৱস্থা ল’বলৈও তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে।
Site Admin | November 13, 2024 6:41 PM | Majuli
মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
