October 23, 2024 11:53 AM | Majuli

printer

সমাগত পঞ্চায়ত নিৰ্বাচন ২০২৪ৰ লগত সংগতি ৰাখি মাজুলীত ২০খন গাঁও পঞ্চায়তৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ

মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলা অতিৰিক্ত আয়ুক্তই সমাগত পঞ্চায়ত নিৰ্বাচন ২০২৪ৰ লগত সংগতি ৰাখি জিলাখনৰ মুঠ ২০খন গাঁও পঞ্চায়তৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰে। জিলাখনৰ ১ লাখ ৩২ হাজাৰ ৯৪৭গৰাকী ভোটদাতাই মুঠ ২০১টা ভোটগ্রহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ভোটদাতাসকলে পঞ্চায়তৰ ভোটাৰ তালিকাত নিজৰ নাম https://ermssec.assam.gov.in পোৰ্টেলত চাব পাৰিব। ইফালে, ধুবুৰীৰ বিলাসীপাৰা সমজিলা প্ৰশাসনেও সমাগত পঞ্চায়ত নির্বাচন উপলক্ষে ভোটদাতাৰ তালিকা প্ৰকাশ কৰে। ২০২৩ চনত প্ৰকাশ পোৱা ভোটদাতাৰ তালিকাৰ সৈতে নতুন ভোটদাতা সংযোজন আৰু পুৰণি ভোটদাতাৰ কিছু কৰ্তন কৰি ভোটদাতাৰ তালিকা প্রস্তুত কৰা হৈছে। এই তালিকা মতে পঞ্চায়ত নিৰ্বাচনত মুঠ ৩ লাখ ৪ হাজাৰ ১৩৪ গৰাকী ভোটদাতাই ৪৪৩টা ভোটগ্রহণ কেন্দ্ৰত ভোটদান কৰিব।

অধিক পঢ়ক

সকলো চাওক