September 2, 2024 6:30 PM | Majuli

printer

মাজুলীৰ বগৰীগুড়ি মিচিং গাঁৱত আইন সম্বন্ধীয় সজাগতা সভা অনুষ্ঠিত

মাজুলীৰ জিলা মহিলা সৱলীকৰণৰ উদ্যোগত তথা জিলা আইনসেৱা প্ৰাধীনকৰণৰ উদ্যোগত বগৰীগুড়ি মিচিং গাঁৱত আইন সম্বন্ধীয় সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত ঘৰুৱা হিংসা প্ৰতিৰোধী আইন, কর্মক্ষেত্ৰত মহিলাৰ ওপৰত যৌন নির্যাতন প্ৰতিৰোধী আইন, যৌতুক প্ৰতিৰোধী আইন সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। ইয়াৰ লগতে বাল্য বিবাহ প্ৰতিৰোধী আইন, শিশু শ্রমিক আইন সম্পর্কেও সাধাৰণ ৰাইজক অৱগত কৰোৱা হয়। মাজুলী জিলাৰ মুখ্য আইন সহায়ক প্ৰতিৰক্ষা অধিবক্তা বোধেশ্বৰ পামেগামে সমল ব্যক্তি হিচাপে সভাত অংশ লয়।

অধিক পঢ়ক

সকলো চাওক