June 14, 2024 12:35 PM | Majuli

printer

মাজুলীত পথ সুৰক্ষাৰ বাবে ল’বলগীয়া পদক্ষেপ সন্দৰ্ভত বৈঠক অনুষ্ঠিত

মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলাখনৰ পথ সুৰক্ষাৰ বাবে ল’বলগীয়া পদক্ষেপ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত ড° কাবেৰী বি শৰ্মা বৈঠকখনত উপস্থিত থাকি ইণ্টিগ্রেটেড ৰোড এক্সিডেণ্ট ডাটাবেছত আৰক্ষী, পৰিবহণ, পি ডব্লিউ আৰ ডি আৰু স্বাস্থ্য বিভাগক প্ৰত্যেকটো বাহন দুৰ্ঘটনা নবীকৰণ কৰিবলৈ আৰু প্ৰতিটো দুৰ্ঘটনাৰ তথ্য আই ৰেড এপ্লিকেচনত পঞ্জীয়ন কৰিবলৈ স্বাস্থ্যৰ যৌথ সঞ্চালকক পৰামৰ্শ দিয়ে। বৈঠকত মাজুলী জিলা পৰিবহণ বিষয়া, সহকাৰী বলৱৎকাৰী পৰিদৰ্শককে ধৰি আন আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে।  

অধিক পঢ়ক

সকলো চাওক