মহাৰাষ্ট্ৰত শাসনাধিস্থিত মহায়ুটী মন্ত্ৰীসভাৰ কালি সম্প্ৰসাৰণ কৰা হয়। মন্ত্ৰীসভাৰ কেইবাগৰাকী সদস্যই কালি শপতগ্ৰহণ কৰে। বিজেপিৰ ১৬ গৰাকী, শিৱসেনাৰ ৯ গৰাকী আৰু এন চি পিৰ ৮ গৰাকী সদস্যই কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। উল্লেখযোগ্য নেতাসকলৰ ভিতৰত মহাৰাষ্ট্ৰ বিজেপিৰ মুৰব্বী চন্দ্ৰশেখৰ বাৱনকুলে কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। তেওঁৰ লগতে দলৰ নেতা ৰাধাকৃষ্ণ ভিখে পাৰ্টিল, চন্দ্ৰকান্ত পাটিল আৰু গিৰিশ মহাজনে কেবিনেট মন্ত্ৰী হিচাপে শপত লয়। এন চি পিৰ নেতা হাচান মছৰিফ আৰু শিৱসেনাৰ নেতা গোলাপ ৰাও পাৰ্টিলেও কেবিনেট মন্ত্ৰী হিচাপে শপত লয়। এই অনুষ্ঠানত মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নৱিছ আৰু উপ-মুখ্যমন্ত্রীদ্বয় একনাথ সিন্দে আৰু অজিত পাৱাৰো উপস্থিত থাকে। নাগপুৰত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে কয়, যে এই অধিৱেশনত মুঠ ২০ খন বিধেয়ক উত্থাপন কৰা হ’ব। উল্লেখযোগ্য যে, পাৰভানি আৰু বিদত সংঘটিত হিংসাত্মক ঘটনা আৰু ঠিকাভিত্তিক নিয়োগ আদি বিষয় সন্দৰ্ভত কালি মহাবিকাশ অঘাড়ী নেতৃত্বাধীন বিৰোধী দলসমূহে প্ৰতিবাদ কৰে।
Site Admin | December 16, 2024 12:30 PM | maharastra cabinet oath
মহাৰাষ্ট্ৰত মহায়ুটী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, কেইবাগৰাকী মন্ত্ৰীৰ শপতগ্ৰহণ
