মহাৰাষ্ট্ৰত নৱনিৰ্বাচিত বিজেপি বিধায়িনী দল আজি মুম্বাইত মিলিত হ‘ব আৰু বিধায়িনী দলৰ নতুন নেতা নিৰ্বাচন কৰিব। দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ইতিমধ্যে দলটোৰ জ্যেষ্ঠ নেতা তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানীক আজিৰ এই বৈঠকৰ বাবে হাইকামাণ্ডৰ পৰ্যবেক্ষক ৰূপে নিযুক্ত কৰিছে। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিদায়ী মন্ত্ৰীসভাৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ বিধায়িনী দলৰ নতুন নেতা নিৰ্বাচিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি পৰ্যবেক্ষকসকলে ধাৰণা কৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে, যে বিজেপি বিধায়িনী দলৰ নৱনিৰ্বাচিত নেতাগৰাকীয়ে আজি বিয়লি ৫ বজাত মুম্বাইৰ আজাদ ময়দানত আয়োজিত অনুষ্ঠানত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিব। শপতগ্রহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত থাকিব। উল্লেখযোগ্য যে, সদ্যসমাপ্ত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মহায়ুটী মৰ্চাই দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছিল আৰু বিজেপিয়ে বিধানসভাৰ সৰ্বাধিক আসনত জয় লাভ কৰিছিল।
Site Admin | December 4, 2024 12:00 PM | maharastra