মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন কালি শান্তিপূর্ণভাৱে সম্পন্ন হয়। নির্বাচন আয়োগে প্ৰকাশ কৰা মতে, মহাৰাষ্ট্ৰত ৬৫ দশমিক ১-১ আৰু ঝাৰখণ্ডত ৬৮ দশমিক ৪-৫ শতাংশ ভোটদান হয়। দুয়োখন ৰাজ্যতে ২০১৯ চনৰ বিধানসভা নিৰ্বাচনতকৈ অধিক ভোটদান হোৱা বুলি আয়োগে ঘোষণা কৰিছে। ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে কালি এটা পৰ্যায়ত ভোটগ্রহণ হয় । ঝাৰখণ্ডত কালি দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত ৩৮টা সমষ্টি সামৰি লোৱা হয়। চাৰিখন ৰাজ্যৰ ১৫টা বিধানসভা সমষ্টি আৰু মহাৰাষ্ট্ৰৰ নান্দেড় লোকসভা সমষ্টিৰ উপ নির্বাচনৰ ভোটগ্রহণ কালি নিয়াৰিকৈ সম্পন্ন হয়।
Site Admin | November 21, 2024 12:09 PM | Election update