মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পছোৰাত কালি বিয়লি হোৱা ৰে’ল দুৰ্ঘটনাত কমেও ১২ জন লোকে প্রাণ হেৰুৱায় আৰু অন্য ১৪ জন আহত হয়। নিহতসকলৰ ভিতৰত ৩ গৰাকী মহিলা আৰু এটি ১০ বছৰীয়া শিশুও আছে। আহতসকল বিপদমুক্ত বুলি কোৱা হৈছে। পুস্পক এক্সপ্ৰেছত জুই লগা বুলি উৰা বাতৰি বিয়পাৰ পাছত চেইন টানি ৰে’লখনৰ একাংশ যাত্রী নামি যোৱাৰ সময়তে কৰ্ণাটক এক্সপ্ৰেছ নামৰ অন্য এখন ৰে’লগাড়ীয়ে যাত্ৰীসকলক মহটিয়াই নিয়াৰ ফলত এই অঘটন ঘটে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই ৰে’ল দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে লগতে সামাজিক মাধ্যমযোগে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে ৰে’ল দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ শোক প্ৰকাশ কৰিছে আৰু আহত সকলৰ আশুআৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে। কর্তৃপক্ষসমূহে প্ৰভাৱিত লোকসকলক সম্ভাব্য সকলোধৰণৰ সহায় আগবঢ়োৱা বুলি প্ৰধানমন্ত্রীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এই দুর্ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছৰ সৈতে কথা পাতিছে। তেওঁ স্থানীয় কর্তৃপক্ষই আহতসকলক সকলোধৰণৰ সহায় আগবঢ়োৱা বুলি প্ৰকাশ কৰিছে।
Site Admin | January 23, 2025 11:56 AM | maharashtra-train-accident-12-passengers-killed-14-injured