ডাউনলোড
মোবাইল এপ

android apple
signal

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি, ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি। এই উপলক্ষে সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত বিভিন্ন কাৰ্যসূচীৰে দিনটো পালনৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য একশৰণ নামধৰ্মৰ প্ৰচাৰক, নিজৰ সৃষ্টিৰাজিৰে অসমৰ সমাজ জীৱনত অভূতপূৰ্ব সংস্কাৰ সাধন কৰা মাধৱদেৱৰ আবিৰ্ভাৱ তিথিৰ সৈতে সংগতি ৰাখি অসম একশৰণ ভাগৱতী সমাজৰ উদ্যোগত আজিৰেপৰা মৰিগাঁৱৰ বৰদল পালনাম থানত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ঐতিহ্যমণ্ডিত থানখনত আজি পুৱা মাংগলিক পৰম্পৰাৰে গুৰু আসন প্রতিষ্ঠা কৰা হয়। একশৰণ ভাগৱতী সমাজৰ আচাৰ্য দেহেশ্বৰ বৰাই নৱনিৰ্মিত মণিকূটত আনুষ্ঠানিকভাৱে সিংহাসন প্রতিষ্ঠা কৰাৰ পাছত বৰদল গাঁৱৰ গায়ন-বায়নৰ খোল প্ৰসংগ অনুষ্ঠিত হয়। কাইলৈ গুণমালা, ধর্মালোচনী সভাৰ লগতে ২০০ গৰাকী যুৱক-যুৱতীক শৰণ-ভজনৰ দিহা কৰা হৈছে।

ইফালে, মহাপুৰুষ মাধৱদেৱ স্থাপিত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে কালি ধর্মধ্বজা উত্তোলন, গছপুলি ৰোপণ, ভাগৱত পাঠ, কীৰ্তন ঘোষা পাঠ কৰাৰ লগতে খোলবাদন লোকগীত আৰু বৰগীত প্রতিযোগিতা অনুষ্ঠিত হয়। আজি হ’বলগীয়া ধর্মালোচনা সভাত সুন্দৰীদিয়া সত্ৰই প্ৰতিবছৰে প্ৰদান কৰা মাধৱদেৱ বঁটা ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্রনাথ প্রধানীক প্রদান কৰিব। মহাপুৰুষজনাৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰতো আজি মহাপুৰুষজনাৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক