উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব মনোজ কুমাৰ সিং আৰু আৰক্ষী সঞ্চালক প্রধান প্রশান্ত কুমাৰে আজি প্ৰয়াগৰাজৰ মহাকুম্ভৰ সংগমঘাট পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়। এই পৰিদৰ্শন কালত বিষয়া দুগৰাকীয়ে মেলা ক্ষেত্ৰৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। মেলা বিষয়া বিজয় কিৰণ আনন্দ আৰু উপ-মহাপৰিদৰ্শক বৈভৱ কৃষ্ণই তেওঁলোকক সুৰক্ষা ব্যৱস্থাকে ধৰি অন্যান্য যাবতীয় বিষয় সন্দৰ্ভত অৱগত কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, মহাকুম্ভৰ সংগম ঘাটৰ সমীপৰ আখাৰা ক্ষেত্ৰত মৌনী অমাৱশ্যাৰ নিশা ভক্তৰ হেঁচাঠেলাত পদপিষ্ট হৈ কমেও ৩০ গৰাকী লোকৰ মৃত্যু হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথে কালি মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানক পৰিস্থিতি পর্যবেক্ষণ কৰি এই দুর্ঘটনা সন্দর্ভত তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।
উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশ চৰকাৰে অহা ৩ ফেব্ৰুৱাৰীত বসন্ত পঞ্চমী উপলক্ষে অমৃত স্নানৰ সময়ত মেলা ক্ষেত্রত বিশিষ্ট ব্যক্তিসকলৰ আহ-যাহত বাধা আৰোপ কৰিছে। এই সময়ছোৱাত নিৰাপত্তা বাহিনীৰ লোকসকল ভক্তসকলৰ সুৰক্ষাত ব্যস্ত হৈ থাকিব বুলি উপ-মহাপৰিদৰ্শক বৈভৱ কৃষ্ণই সাংবাদিকৰ আগত প্রকাশ কৰিছে।
ওড়িশা চৰকাৰে মহাকুম্ভৰ পৰিপ্ৰেক্ষিতত প্রয়াগৰাজলৈ চলাচল কৰা সকলো বিশেষ বাছৰ সেৱা অহা ৪ ফেব্ৰুৱাৰীলৈ বন্ধ কৰিছে। প্রয়াগৰাজত ভক্তৰ সমাগমত যাতে কোনো ধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।