উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা দেশৰ অন্যতম ধর্মীয় মহোৎসৱ মহাকুম্ভ মেলালৈ কাইলৈ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত মাজুলীৰ আউনীআটী সত্ৰৰ এটা ৪০জনীয়া বৈষ্ণৱ শিল্পীৰ দল ৰাওনা হ‘ব। দলটোৱে কুম্ভমেলাত মাজুলী সত্ৰীয়া পৰিবেশ আৰু সত্ৰিয়া সংস্কৃতি প্ৰদৰ্শন কৰিব। তেওঁলোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰামবিজয় নাট পৰিবেশন কৰিব। ইয়াৰ লগতে আউনীআটী সত্ৰৰ অপ্সৰা নৃত্য, ভাগৱত ব্যাখ্যা আৰু হীৰা নামো দলটোৱে পৰিবেশন কৰিব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ১৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত এই মহোৎসৱত ইতিপূৰ্বেও অসম আৰু উত্তেৰ পূৰ্বাঞ্চলৰ ভালেসংখ্যক ধৰ্মগুৰু তথা পুৰোহিতে অংশগ্ৰহণ কৰিছে। অসমৰ পৰা ইয়াৰ আগেয়ে ১২৮গৰাকী বৈষ্ণৱ মহাকুম্ভলৈ গৈছে। গংগা, যমুনাাৰু সৰস্বতী নদীৰ ত্রিবেণী সংগমস্থলীত আয়োজিত এই মহাকুম্ভ মেলাত গুৰুজনাৰ অমৰ সৃষ্টি নামঘৰ প্ৰতিষ্ঠা কৰাৰ লগতে হৰিনামৰ ধ্বনিৰে অঞ্চলটো মুখৰ হৈ উঠিছে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত সত্ৰখনৰ পৰা যোৱা পাঁচগৰাকী বৈষ্ণৱে ১৬ দিনত নিৰ্মাণ কৰি উলিওৱা নামঘৰত ২১ জানুৱাৰীত আৰম্ভ হোৱা ভাগৱত পাঠৰ কালি সামৰণি পৰে।
Site Admin | January 29, 2025 12:55 PM | Mahakumbha
ড° পিতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত মাজুলীৰ আউনীআটী সত্ৰৰ এটা ৪০জনীয়া বৈষ্ণৱ শিল্পীৰ দল কাইলৈ প্ৰয়াগৰাজলৈ ৰাওনা
