ডাউনলোড
মোবাইল এপ

android apple
signal

January 9, 2025 8:54 PM | Mahkumva

printer

কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আকাশবাণীৰ কুম্ভবাণী চেনেল মুকলি

মহাকুম্ভ ২০২৫ৰ বাবে উচৰ্গিকৃত আকাশবাণীৰ কুম্ভবাণী চেনেল কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মুকলি কৰা হ’ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই চেনেল মুকলি কৰিব। কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰণ ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানো এই মুকলি অনুষ্ঠানত ভার্চুৱেলি অংশগ্রহণ কৰিব। এই অনুষ্ঠানৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে কুম্ভ মংগল ধুন মুকলি কৰিব। এই চেনেলটোৱে কাইলৈৰ পৰা অহা ২৬ ফেব্ৰুৱাৰীলৈ মহাকুম্ভ মেলাৰ সকলো কাৰ্যসূচী পুৱা ৫ বাজি ৫৫ মিনিটৰ পৰা নিশা ১০ বাজি ৫ মিনিটলৈ প্ৰচাৰ কৰিব।

অধিক পঢ়ক

সকলো চাওক