ডাউনলোড
মোবাইল এপ

android apple
signal

প্ৰয়াগৰাজৰ মহাকুম্ভত বসন্ত পঞ্চমী উপলক্ষে তৃতীয় অমৃত স্নান আৰম্ভ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত বসন্ত পঞ্চমী উপলক্ষে তৃতীয় অমৃত স্নান অনুষ্ঠিত হৈছে। এই অমৃত স্নান মহাকুম্ভৰ অতি গুৰুত্বপূৰ্ণ আৰু পৱিত্ৰ ধৰ্মীয় আচাৰ বুলি গণ্য কৰা হয়। যোৱা ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তি উপলক্ষে প্ৰথমবাৰ অমৃত স্নান হোৱাৰ পাছত যোৱা ২৯ জানুৱাৰীত মৌনী অমাৱস্যা উপলক্ষে দ্বিতীয় অমৃত স্নান সম্পন্ন হৈছিল। মহাকুম্ভৰ মুঠ ১৩টা আখৰাত তৃতীয় অমৃত স্নান সন্দৰ্ভত সময়সূচী, নিৰ্দেশনা দিয়া হৈছে। মহানির্বানী পঞ্চায়তী আখৰা আৰু শম্ভু পঞ্চায়তী অটল আখৰাই আজি পুৱা ত্রিবেণী সংগমত প্রথম অমৃত স্নানত ভাগ ল’ব। তৃতীয় অমৃত স্নান উপলক্ষে সুৰক্ষা আৰু নিৰাপত্তাৰ দিশ সুনিশ্চিত কৰাৰ বাবে মেলাস্থলীত পেৰা মিলিটাৰীসহ ৫০ হাজাৰ আৰক্ষীৰ লোক নিযুক্ত কৰা হৈছে। উত্তৰ প্ৰদেশ চৰকাৰে নিৰাপত্তাৰ দিশ সুনিশ্চিত কৰাৰ বাবে মহাকুম্ভস্থলী যান-বাহনমুক্ত কৰি ৰাখিছে। উল্লেখযোগ্য যে এই মহাকুম্ভ মেলা পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ ৰূপে পৰিগণিত হৈছে। যোৱা ১৩ জানুৱাৰীৰ পৰা বৰ্তমানলৈ কুম্ভমেলাৰ ত্ৰিবেণী সংগমত ৩৫ কোটিতকৈও অধিক ভক্তই পৱিত্ৰ স্নান সম্পন্ন কৰিছে।

অধিক পঢ়ক

সকলো চাওক