ডাউনলোড
মোবাইল এপ

android apple
signal

January 29, 2025 11:46 AM | Mahakumbha Mela

printer

প্ৰয়াগৰাজত মৌনি অমাৱশ্যা উপলক্ষে মহাকুম্ভত দ্বিতীয় অমৃত স্নান আৰম্ভ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মৌনি অমাৱশ্যা উপলক্ষে মহাকুম্ভত দ্বিতীয় অমৃত স্নান আৰম্ভ হৈছে। মৌনী অমাৱশ্যাৰ ধৰ্মীয় গুৰুত্ব উল্লেখযোগ্য আৰু এই দিনটোত অমৃত স্নানক অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বৰ সৰ্ববৃহৎ ধর্মীয় সমাৱেশ হিচাপে স্বীকৃতিপ্রাপ্ত মহাকুম্ভ মেলা ১৩ জানুৱাৰীত আৰম্ভ হৈছে আৰু প্ৰথম অমৃত স্নান ১৪ জানুৱাৰীৰ মকৰ সংক্ৰান্তিৰ দিনা সম্পন্ন হয়। উত্তৰ প্ৰদেশ চৰকাৰে সাতটা স্তৰৰ শক্তিশালী নিৰাপত্তা আঁচনি ৰূপায়ণ কৰাৰ লগতে মহাকুম্ভ মেলা এলেকাক যান-বাহন নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰিছে। জৰুৰীকালীন অৱস্থাত ভক্তসকলক সহায় কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় আৰক্ষী, যানবাহন আৰক্ষী আৰু বিশেষজ্ঞ চিকিৎসকক লৈ এটা দল নিয়োগ কৰা হৈছে।

আজি মৌনী অমাৱস্যা উপলক্ষে প্ৰয়াগৰাজৰ মহাকুম্ভলৈ আহিবলগীয়া বৃহৎ সংখ্যক ভক্তসকলৰ আহ-যাহৰ সূচলতা নিশ্চিত কৰিবলৈ ভাৰতীয় ৰে’লে সকলো ধৰণৰ ব্যৱস্থা হাতত লৈছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰে’ল বোৰ্ডৰ অধ্যক্ষ সতীশ কুমাৰে কয়, যে ইতিমধ্যে চলাচল কৰি থকা বিশেষ ৰে’লসমূহৰ উপৰি ৰে’ল বিভাগে ৬০ খন অতিৰিক্ত ৰে’ল চলোৱাৰ ব্যৱস্থা কৰিছে। এই অতিৰিক্ত ৰেলসমূহকে ধৰি এইবাৰৰ মৌনী অমাৱস্যা উপলক্ষে প্রায় ১৯০ খন বিশেষ ৰে’ল চলাচল কৰিব বুলি তেওঁ লগতে মন্তব্য কৰে। ভক্তসকলৰ সুবিধার্থে প্ৰয়াগৰাজৰ পৰা প্ৰতি ৪ মিনিটৰ মুৰে মুৰে ৰে’লৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক