বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক সমাগমৰ অনুষ্ঠান মহাকুম্ভমেলা বিশ্বাস, সংস্কৃতি আৰু প্ৰাচীন পৰম্পৰাৰ অপূৰ্ব সমন্বয়থলী হিচাপে বিবেচিত হৈ আহিছে। হিন্দু ধর্মীয় বিশ্বাস অনুসৰি এই পৱিত্ৰ উৎসৱ ১২ বছৰৰ পাছত চাৰিখন পৱিত্ৰ নগৰী হৰিদ্বাৰ, উজ্জয়িনী, নাচিক আৰু প্ৰয়াগৰাজত আয়োজন কৰা হয় ৷ প্ৰতিখন নগৰীয়ে ভাৰতৰ আটাইতকৈ পৱিত্ৰ হিচাপে গণ্য কৰা নদীসমূহৰ পাৰত অৱস্থিত। অহা ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ প্ৰয়াগৰাজত হ’বলগীয়া এই মেলাত লক্ষ লক্ষ যাত্ৰী আৰু দৰ্শনাৰ্থীৰ সমাগম দেখিবলৈ পোৱা যাব। এই মেলাই ভক্তি, একতা আৰু ভাৰতৰ প্ৰাণৱন্ত আধ্যাত্মিক ঐতিহ্যকে প্ৰতিফলিত কৰে। এই মেলা নিয়াৰিকৈ পৰিচালনাৰ লগতে শান্তি-শৃংখলা অটুট ৰখাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰে অংশ হিচাপে কৃত্রিম বুদ্ধিমত্তা চালিত অত্যাধুনিক কেমেৰা, পানীৰ তলত সংস্থাপন কৰা ড্ৰোনৰ সহায়ত সকলো দিশ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ৫৬ গৰাকী চাইবাৰ কৰ্মীক লৈ এখন চাইবাৰ আৰক্ষী থানা স্থাপন কৰা হৈছে। ইয়াৰ দ্বাৰা সম্ভাব্য অনলাইন ভাবুকিসমূহ নিষ্পত্তি কৰাৰ লগতে যাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰা হ’ব।
Site Admin | January 1, 2025 6:23 PM | Maha Kumbh Mela to start from January 13 in Prayagra
প্ৰয়াগৰাজত অহা ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ মহাকুম্ভমেলা
