মধ্য প্ৰদেশত জৈৱিক কৃষিৰ প্ৰতি কৃষকৰ আগ্ৰহ বৃদ্ধি পাইছে। ৰাজ্যখনত দেশৰ ভিতৰতে সৰ্বাধিক ১৫ লাখ ৯২ হাজাৰ হেক্টৰ ভূমিত জৈৱিক পদ্ধতিৰে খেতি কৰা হয়। কেন্দ্ৰীয় কৃষি মন্ত্ৰ্যালয়ৰ প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ পৰম্পৰাগত কৃষি উন্নয়ন আঁচনিৰ অধীনত মধ্য প্ৰদেশত ৩ হাজাৰৰো অধিক সমল কেন্দ্ৰ স্থাপন কৰা হৈছে। মধ্য প্ৰদেশ চৰকাৰৰ কৃষি বিভাগে জনোৱা অনুসৰি ৰাজ্যখনৰ মুঠ খেতিৰ মাটি প্রায় ডেৰ কোটি হেক্টৰ। ৰাজ্যখনত প্ৰতি বছৰে প্ৰায় ১৫ লাখটন জৈৱিক কৃষি সামগ্ৰী উৎপাদন কৰা হয়। ইয়াৰে ৫ লাখ টনতকৈ অধিক কৃষি সামগ্ৰী ৰপ্তানি কৰা হয় ৷ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী প্রহ্লাদ পেটেলে জনায় যে, জৈৱিক কৃষি প্ৰসাৰৰ বাবে কৃষকসকলক অতিৰিক্ত সাহায্য আগবঢ়োৱা হৈছে। ২০১১ চনত মধ্যপ্ৰদেশ চৰকাৰে জৈৱিক কৃষি নীতি আৰম্ভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে জৈৱিক কৃষিক পদ্ধতিক অধিক প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব।
Site Admin | January 29, 2025 12:30 PM | Madhya Pradesh
কৃষি উন্নয়ন আঁচনিৰ অধীনত মধ্য প্ৰদেশত ৩০০০ ৰো অধিক সমল কেন্দ্ৰ স্থাপন
