মধ্য প্ৰদেশ চৰকাৰে বন্যপ্ৰাণীৰ আক্ৰমণত নিহত লোকৰ নিকটাত্মীয়লৈ আগবঢ়োৱা ক্ষতিপূৰণৰ পৰিমাণ ৮ লাখ টকাৰ পৰা ২৫ লাখ টকালৈ বৃদ্ধি কৰিছে। ৰাজ্যখনৰ উমাৰিআ জিলাৰ বান্ধৱগড় ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সমীপত বনৰীয়া হাতীৰ আক্ৰমণত দুগৰাকী লোক নিহত হোৱাৰ এদিন পাছত এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰা হয়। মুখ্যমন্ত্ৰী মোহন য়াদৱে সদৰী কৰা অনুসৰি উমাৰিআত বনৰীয়া হাতীৰ আক্ৰমণত নিহত লোক দুগৰাকীৰ পৰিয়ালে বর্ধিত ক্ষতিপূৰণ ২৫ লাখ টকাকৈ লাভ কৰিব। উল্লেখযোগ্য যে এদিন পূৰ্বে ধৰা এটা হাতীৰ আক্ৰমণত ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলটোৰ পৰা ১০ কিলোমিটাৰ নিলগৰ দেৱৰা গাঁৱত এজন লোকৰ মৃত্যু হয়। হাতীটোৱে বান্ধৱগড় ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰিৱেশত সুৰক্ষাৰ বাবে থকা বিশেষ এলেকাৰ ভিতৰৰ ব্ৰাহে গাঁৱতো আন এগৰাকী ব্যক্তিকো আক্ৰমণ কৰে। পাছত ব্যক্তিগৰাকীৰ মৃত্যু হয়। এই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলটোত শেহতীয়াকৈ ১০টাকৈ হাতীৰ মৃত্যু হোৱা বিষয়টো সম্প্রতি চৰ্চাত আছে।
Site Admin | November 4, 2024 12:32 PM | Madhya Pradesh