ডাউনলোড
মোবাইল এপ

android apple
signal

December 24, 2024 8:31 PM | madhupur satra

printer

কোচবিহাৰৰ মধুপুৰ সত্ৰত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ আৰম্ভ

সাহিত্য বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে কোচবিহাৰৰ মধুপুৰ সত্ৰত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ আৰম্ভ হৈছে। মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে এই আলোচনাচক্ৰখন উদ্বোধন কৰে। এই আলোচনাচক্র উদ্বোধন কৰি দিয়া ভাষণত সত্ৰাধিকাৰগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ সাহিত্যৰ যোগেদি অসমৰ জনসাধাৰণক একত্ৰিত কৰাৰ কথা উল্লেখ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমৰ ভাস্কৰ বুলি অভিহিত কৰি ড০ গোস্বামীয়ে ৰাজ্যৰ সকলো ভকত-বৈষ্ণৱক মহাপুৰুষগৰাকীৰ মহাপ্ৰয়াণৰ স্থান কোচবিহাৰৰ মধুপুৰ সত্ৰ ভ্ৰমণ কৰিবলৈ আহ্বান জনায়। এই আলোচনাচক্ৰত অসমৰ লগতে ওড়িশা আৰু পশ্চিমবংগৰ ভালেসংখ্যক বিশিষ্ট শিক্ষাবিদ আৰু সাহিত্যিকে অংশগ্ৰহণ কৰে। কাইলৈ ভাগৱত শোভাযাত্রা, পালনাম সমাৰোহৰ লগতে থিয়নাম অনুষ্ঠিত হ’ব। বিয়লি ভাগত হ’বলগীয়া মুকলি সভাত বৰপেটা সত্ৰৰ নৱনিৰ্বাচিত বুঢ়াসত্ৰীয়া ড০ বাবুল দাসক অভিনন্দন জনোৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনোৱা হ’ব। সন্ধিয়া যোৰহাটৰ নৃ-গোষ্ঠীয় সাংস্কৃতিক মঞ্চই সীতাহৰণ, বালিবধ ভাওনা প্ৰদৰ্শন কৰিব।

অধিক পঢ়ক

সকলো চাওক