ধুবুৰীৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানীক মাধৱদেৱ বঁটা প্ৰদান

ধুবুৰীৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানীক এইবাৰৰ মাধৱদেৱ বঁটা প্ৰদান কৰা হৈছে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ সৈতে সংগতি ৰাখি ঐতিহ্যমণ্ডিত সুন্দৰীদিয়া সত্ৰত যোৱা নিশা আয়োজিত এখন ধর্মালোচনা সভাত সত্ৰাধিকাৰগৰাকীক এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, সুন্দৰীদিয়া সত্ৰই প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে।
ৰাজ্যৰ আন ভিন ভিন স্থানৰ লগতে বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি পৰে বুলি আকাশবাণীৰ বৰপেটাৰ সংবাদদাতাই জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক