July 1, 2024 12:35 PM | PM Mann Ki Baat

printer

লোকসভা নিৰ্বাচনত দেশৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি পুনৰ আস্থা প্ৰকাশৰ বাবে দেশৰ জনসাধাৰণক প্রধানমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন

লোকসভা নিৰ্বাচনত দেশৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি পুনৰ আস্থা প্ৰকাশ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক ধন্যবাদ জনাইছে। সাধাৰণ নিৰ্বাচনৰ পাছত প্ৰথমটো আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি ৰাষ্ট্ৰক উদ্দেশ্যি শ্রীমোদীয়ে কয় যে, চলিত বৰ্ষৰ সাধাৰণ নির্বাচন বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনৰূপে পৰিগণিত হৈছে আৰু এইবাৰৰ লোকসভা নিৰ্বাচনত ৬৫ কোটি লোকে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। বিশ্বৰ আন কোনো দেশত কেতিয়াও ইমান সংখ্যক লোকে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰা নাই বুলি প্রধানমন্ত্ৰীয়ে মন্তব্য কৰিছে। শ্রীমোদীয়ে লগতে নিৰ্বাচন আয়োগ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোকে অভিনন্দন জনাইছে। এইবাৰৰ বিশ্ব পৰিবেশ দিৱস উপলক্ষে আৰম্ভ কৰা এক পেড় মা কে নাম নামৰ বিশেষ অভিযানৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে সমগ্ৰ বিশ্বৰে জনসাধাৰণক মাতৃৰ সৈতে এটি গছপুলি ৰোপণ কৰিবলৈ অথবা এটি পুলি মাতৃৰ নামত উৎসৰ্গা কৰিবলৈ আহ্বান জনাইছে। যোগ সন্দৰ্ভত প্রধানমন্ত্রীয়ে কয় যে, সমগ্ৰ বিশ্বই দশম আন্তৰাষ্ট্ৰীয় যোগ দিৱস অতি উৎসাহেৰে পালন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে অহা মাহত আৰম্ভ হবলগীয়া পেৰিছ অলিম্পিকৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এইবাৰৰ অলিম্পিকত বহু কেইটা নতুন বিষয় সংযোজন কৰা হব। তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে।

অধিক পঢ়ক

সকলো চাওক