June 29, 2024 12:37 PM | air maan ki baat

printer

কাইলৈ আকাশবাণীৰ যোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ- বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ’ব অনুষ্ঠানটোৰ ১১১ সংখ্যক খণ্ড। আনহাতে শ্রীমোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ’ব মন কী বাতৰ প্ৰথমটো খণ্ড । আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণী, দূৰদৰ্শন নিউজৰ উপৰি প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণীয়ে অনুষ্ঠানটোৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।

অধিক পঢ়ক

সকলো চাওক