September 25, 2024 12:16 PM | air maan ki baat

printer

প্রধানমন্ত্ৰীয়ে অহা দেওবাৰে আকাশবাণীৰ ‘মন কী বাত’ৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ’ব অনুষ্ঠানটিৰ ১১৪সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে ২৭ ছেপ্টেম্বৰপৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ’ব। আকাশবাণী-দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে ২৯ ছেপ্টেম্বৰত দিনৰ ১১ বজাত এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্রধানমন্ত্রী কার্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক