June 19, 2024 12:27 PM | Maan ki Baat

printer

অহা ৩০ জুনত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ’বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। অনুষ্ঠানটিৰ এই খণ্ডৰ বাবে ২৮ জুন পর্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ’ব। এয়া অনুষ্ঠানটিৰ ১১১ সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হবলগীয়া প্ৰথম খণ্ড । আকাশবাণী – দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্রধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ’ব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব ।

অধিক পঢ়ক

সকলো চাওক