২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত

অহা ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত হ’ব। কামাখ্যা মন্দিৰৰ সৰু দলৈ হিমাদ্ৰী শৰ্মাই আকাশবাণীৰ সংবাদদাতাক জনোৱা অনুসৰি ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ’ব। অম্বুবাচীৰ সময়ছোৱাত প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰত দেশ-বিদেশৰ লাখ লাখ ভক্তৰ সমাগম হয়। এইবাৰো এই মেলা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইতিমধ্যে কামাখ্যা দেৱালয় অম্বুবাচী মেলা পৰিচালনা সমিতি গঠন কৰা হৈছে। অহা ২৬ জুনত অম্বুবাচীৰ নিবৃত্তি হোৱাৰ পাছতেই দেৱীক স্নান কৰোৱাৰ পিছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হ’ব।

অধিক পঢ়ক

সকলো চাওক