September 9, 2024 8:13 PM | Central Govt.

printer

এম পক্স সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে এম পক্স নাইবা মাংকি পক্সত আক্ৰান্ত বুলি সন্দেহ কৰা লোকসকলৰ নিৰীক্ষণ আৰু পৰীক্ষাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এই পৰামৰ্শ জাৰি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই এম পক্সক লৈ জনস্বাস্থ্যৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদ্বেগ সৃষ্টিকাৰী জৰুৰী অৱস্থা ঘোষণা কৰাৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰই এই বিষয়ে নিৰ্দেশনা জাৰি কৰে। এই পৰামৰ্শত মন্ত্ৰ্যালয়ে এম পক্স সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে এনে ঘটনা চিনাক্ত হোৱা মাত্রেই অৱগত কৰি প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে। তদুপৰি এই ৰোগক লৈ জনসাধাৰণৰ মাজত যাতে আতংকৰ সৃষ্টি নহয় সেই কথা লক্ষ্য ৰাখিবলৈ কোৱা হৈছে। মন্ত্ৰ্যালয়ে লগতে জিলা আৰু ৰাজ্যিক পৰ্যায়ত জ্যেষ্ঠ বিষয়াসকলৰ দ্বাৰা ৰাজহুৱা স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থাৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা চলাবলৈ পৰামৰ্শ দিছে। তদুপৰি ৰাজ্যসমূহক এনে ৰোগত আক্ৰান্ত লোকক চিনাক্ত কৰি চিকিৎ‍সালয়ত আচুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰাৰ লগতে এই ৰোগত আক্ৰান্ত আৰু আক্ৰান্ত বুলি সন্দেহ কৰা লোকসকলৰ বাবে প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী আৰু প্ৰশিক্ষিত মানৱ সম্পদ সাজু কৰি ৰাখিবলৈ কোৱা হৈছে। ছালৰ ৰোগ, যৌন সংক্ৰমিত ৰোগৰ চিকিৎসা প্রতিষ্ঠান আৰু ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্রণ সংস্থাসমূহৰ স্বাস্থ্যকর্মীসকলক বিশেষভাৱে সতর্কতামূলক নিৰ্দেশনা মানি চলিবলৈ কোৱা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য সচিবগৰাকীয়ে পৰিস্থিতিৰ ওপৰত সূক্ষ্ম দৃষ্টি ৰখাৰ লগতে ৰাজ্যৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এই ক্ষেত্ৰত সকলো ধৰণে সহায় সহযোগ আগবঢ়াব বুলি প্রতিশ্রুতি দিছে। উল্লেখযোগ্য যে ভাৰতত পশ্চিম অফ্রিকীয় প্ৰকাৰৰ দুজন লোক এম পৰ্ব্বত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে। দুয়োগৰাকী আক্ৰান্তৰ স্বাস্থ্য সুস্থিৰ অৱস্থাত আছে আৰু এই প্ৰকাৰৰ সংক্ৰমণক লৈ জনস্বাস্থ্য জড়িত জৰুৰী অৱস্থা ঘোষণা কৰা হোৱা নাই ।

অধিক পঢ়ক

সকলো চাওক