আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইত হ’বলগীয়া এখন খেলত ৰয়েল ছেলেঞ্জার্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। ইপিনে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱানিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৫ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ দলে ১৯১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰ আৰু এটা বলত ৫টা উইকেট হেৰুৱাই ১৯৩ ৰান কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ হৈ নিক’লাছ পুৰাণে ২৬টা বলত ৭০ ৰান আৰু মিছেল মাৰ্চে ৩১টা বলত ৫২ ৰান কৰে। হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে দুটা উইকেট লাভ কৰে। ইয়াৰ আগেয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্রথম বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৯০ ৰান কৰে। হায়দৰাবাদৰ হৈ টেভিছ হেডে ৪৭ আৰু অনিকেত বাৰ্মাই ৩৬ ৰানৰ বৰঙণি আগবঢ়ায়। লক্ষ্ণৌৰ হৈ চাৰিটা উইকেট দখল কৰা চার্দুল ঠাকুৰক প্লেয়াৰ অব্ দ্যা মেচ হিচাপে ঘোষণা কৰা হয়৷
Site Admin | March 28, 2025 1:02 PM | LSG defeat Sunrisers Hyderabad by 5 wickets1
আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মেচ
