লোকসভা নিৰ্বাচনৰ আজি সপ্তম পৰ্যায়ৰ ভোটগ্রহণ চলি আছে

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ ইতিমধ্যে চলি আছে। এই পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪ খন, ঝাৰখণ্ডৰ তখন আৰু চণ্ডীগড়ৰ এখন সংসদীয় আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হ’ব। অন্তিম পৰ্যায়ত ১০ কোটি ৬০ লাখৰো অধিক ভোটদাতাই ৯০৮ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। ইয়াৰে ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, অভিনেত্রী কংগনা ৰাণাৱট, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পাঞ্জাবৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ‍ সিং চান্নী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰছিমৰাৎ কৌৰ বাদল, আৰ. জে. ডিৰ মুৰব্বী লালুপ্রসাদ যাদৱৰ কন্যা মিছা ভাৰতী, কংগ্ৰেছ নেতা মণীষ তিৱাৰী, বিক্রমাদিত্য সিং অন্যতম। আয়োগে ভোটগ্রহণ সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ১০ লাখ ৯০ হাজাৰৰো অধিক নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে। বয়োজ্যেষ্ঠ আৰু দিব্যাংগসহ প্ৰতিগৰাকী ভোটাৰে যাতে সহজে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰবাবে ভোটগ্রহণ কেন্দ্ৰসমূহত খোৱাপানী, বিশ্রামস্থলী, শৌচালয়, বিদ্যুৎ, ৰেম্প, হুইল চেয়াৰ আদিৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া, জিলা নির্বাচনী বিষয়া আৰু সংশ্লিষ্ট বিষয়াসকলক গৰমৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। নির্বাচন হ’বলগীয়া এলেকাসমূহত অপ্রীতিকৰ ঘটনা ৰোধ কৰাৰ লগতে মুক্ত আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অবৈধ সুৰা, মাদকদ্রব্য, নগদ ধনৰ সৰবৰাহ ৰোধ কৰাৰ বাবে মুঠ ২০১টা আন্তঃৰাষ্ট্ৰীয় সীমান্ত চকী আৰু ৯০৬টা আন্তঃৰাজ্যিক সীমান্ত চকীৰ ওপৰত চোকা নজৰ ৰখা হৈছে।
সপ্তম পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে ১৯ এপ্ৰিলত আৰম্ভ হোৱা লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। প্রখম ৬টা পৰ্যায়ত ইতিমধ্যে ৪৮৬ খন আসনৰ বাবে ভোটগ্রহণ সম্পূৰ্ণ হৈছে। ৪ জুনত ভোটগণনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক