লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত বিয়লি ৫ বজালৈকে ৫৮ শতাংশৰো অধিক ভোটদান সম্পন্ন

♦ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অব্যাহত আছে। আজি পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈ বাতৰি যুগুতোৱাৰ পৰলৈকে ৫৮.৩৪ শতাংশ ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ৬ খন, হিমাচল প্ৰদেশৰ ৪ খন, ঝাৰখণ্ডৰ তখন আৰু চণ্ডীগড়ৰ এখন সংসদীয় আসনৰ বাবে প্রতিদ্বন্দ্বিতা হৈছে। অন্তিম পর্যায়ত ১০ কোটি ৬০ লাখৰো অধিক ভোটদাতাই ৯০৮ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। ইয়াৰে ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, অভিনেত্রী কংগনা ৰাণাৱট, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাবৰ পূৰ্বৰ মুখ্যমন্ত্রী তথা কংগ্ৰেছ নেতা চৰণজিৎ‍ সিং চান্নী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰছিমৰাৎ কৌৰ বাদল, আৰ. জে. ডিৰ মুৰববী লালুপ্রসাদ যাদৱৰ কন্যা মিছা ভাৰতী, কংগ্ৰেছ নেতা মণীষ তিৱাৰী, বিক্রমাদিত্য সিং অন্যতম। আয়োগে ভোটগ্রহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ১০ লাখ ৯০ হাজাৰৰো অধিক নির্বাচনী বিষয়া নিয়োগ কৰা হৈছে।

Read More: 

নির্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি বিহাৰত ৪২.৯৫ শতাংশ, চণ্ডিগড়ত ৫২.৬১ শতাংশ, হিমাচল প্ৰদেশত ৫৮.৪১ শতাংশ, ঝাৰখণ্ডত ৬০.১৪ শতাংশ, ওড়িশাত ৪৯.৭৭ শতাংশ, পঞ্জাবত ৪৬.৩৮ শতাংশ, উত্তৰ প্ৰদেশত ৪৬.৮৩ শতাংশ আৰু পশ্চিমবংগত ৫৮.৪৬ শতাংশ ভোটদান সম্পন্ন হৈছে। আনহাতে ওড়িশা বিধানসভাৰ ৪২টা বিধানসভা সমষ্টিতো আজি পুৱাৰে পৰা ভোটগ্রহণ অব্যাহত আছে। চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণত বাতৰি যুগুতোৱাৰ পৰলৈকে ৪৯.৭৭ শতাংশ ভোটাৰে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে।

অধিক পঢ়ক

সকলো চাওক