মাজুলীত ভোটগণনাত অংশ ল’বলগীয়া ৩৬ গৰাকী গণনা তত্ত্বাৱধায়ক আৰু সহকাৰী গাণনিকক প্ৰশিক্ষণ

মাজুলীত কালি ভোটগণনাত অংশ ল’বলগীয়া ৩৬ গৰাকী গণনা তত্ত্বাৱধায়ক আৰু সহকাৰী গাণনিকৰ প্ৰশিক্ষণ অনুষ্ঠিত৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ৬০ গৰাকী ভোটগণনাকাৰী বিষয়াক জিলা প্ৰশাসনৰ তৰফৰ পৰা দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শদিয়া বিধানসভা সমষ্টিত ভোটগণনাৰ বাবে নিয়োজিত ৮৬ গৰাকী বিষয়া-কৰ্মচাৰীক কালি ভোট গণনাৰ প্ৰশিক্ষণ দিয়া হয়। ইফালে, ৰাজ্যিক নির্বাচন আয়োগেও ৪ জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্টসকলক নিৰ্দেশ দিছে। ৰাজ্যখনৰ ১৪টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ১৪৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হৈ থকা ইভিএমসমূহ ৫০টা ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। ষ্ট্ৰং ৰূমসমূহত তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে ইয়াৰ প্ৰৱেশ আৰু প্ৰস্থান দ্বাৰ চিচি কেমেৰাৰ দ্বাৰা অহৰহ নিৰীক্ষণত ৰখা হৈছে। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত ছগৰাকী মহিলা প্ৰাৰ্থীকে ধৰি মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল। প্রথম পৰ্যায়ত ৰাজ্যখনৰ ৫টা সমষ্টি কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত মুঠ ৩৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আনহাতে দ্বিতীয় পৰ্যায়ত ৫টা সমষ্টি দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত ৬১ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।