১৭ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ প্রধানমন্ত্ৰী মোদী

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ অসমলৈ আহিব। ৰাজ্যখনৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ এখন নিৰ্বাচনী সভাত প্রধানমন্ত্ৰীগৰাকীয়ে অংশগ্রহণ কৰিব। নলবাৰীৰ বৰকুৰাত অনুষ্ঠিত হ’বলগীয়া এই সভাত নামনি অসমৰ ৭খন জিলাৰ ১৬টা বিধানসভা সমষ্টিৰ ভোটাৰক প্ৰধানমন্ত্রী মোদীয়ে সম্বোধন কৰিব। উক্ত সভাখনত অন্যান্য কেন্দ্রীয় মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মায়ো অংশগ্রহণ কৰিব। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সভাখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক