লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্রশাসনৰ প্রস্তুতিঃ প’লিং, প্রিজাইডিং তথা সূক্ষ্ম পর্যবেক্ষক সকলক প্ৰশিক্ষণ

◊ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলা প্রশাসনে প্রস্তুতি তীব্ৰতৰ কৰি তুলিছে। শিৱসাগৰ জিলাত নিৰ্বাচনী প্রস্তুতিৰ অংশ হিচাপে বিভিন্ন পর্যায়ত প’লিং, প্রিজাইডিং তথা সূক্ষ্ম পর্যবেক্ষক সকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। জিলাখনৰ ডিমৌ বিধানসভা সমষ্টিৰ ৪৮১টা ভোটগ্রহণ কেন্দ্ৰ আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ ২৬৯টা ভোটগ্রহণ কেন্দ্রৰ প্রস্তুতি অন্তিম পৰ্যায়ত উপনীত হৈছে। মহিলা সবলীকৰণৰ বাবে ভাৰতীয় নির্বাচন আয়োগে হাতত লোৱা বিধি অনুযায়ী দুয়োটা বিধানসভা সমষ্টিৰ প্ৰত্যেকটে চাৰিটাকৈ ভোটগ্রহণ কেন্দ্র মহিলাৰ দ্বাৰা পৰিচালিত কৰাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে ভোটাৰসকলক সজাগ কৰাৰ লক্ষ্যৰে ছাত্ৰ- ছাত্ৰীসকলৰ মাজত গছপুলি ৰোপণ, আল্পনা অংকন আদিকে ধৰি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। গোলাঘাট নির্বাচনী জিলাত ভোটদাতাৰ সজাগতা বাবে ছুইফ্ কোষৰ উদ্যোগত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বাটৰ নাট প্ৰদৰ্শনৰ জৰিয়তে ভোটদাতাসকলক ১৯ এপ্ৰিলত ভোটদান কৰিবলৈ আহ্বান জনোৱা হয় ৷ ইফালে সমাগত লোকসভা নিৰ্বাচনত মৰিগাঁও জিলাৰ প্ৰতিটো ভোটগ্রহণ কেন্দ্রকে আদর্শ ভোটগ্রহণ কেন্দ্ৰসদৃশ ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে বুলি জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়াই প্রকাশ কৰিছে। জিলাখনৰ ৫২৯টা ভোটগ্রহণ কেন্দ্ৰৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ উপস্থিতিত আয়োজন কৰা এখন সভাত জিলা আয়ুক্তগৰাকীয়ে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰক আকর্ষণীয় আৰু উৎসৱমুখৰ কৰি তুলিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক