ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে। এই পৰ্যায়ত ১,৩৫১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত ১২৩ গৰাকী মহিলা প্রার্থী আছে। প্ৰাৰ্থীসকলৰ ভিতৰত ৫৯১ গৰাকীৰ স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ অৰ্হতা আছে। আনহাতে, ৪১১ গৰাকী প্ৰাৰ্থী ২৫ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰৰ আৰু ৭১২ গৰাকী ৪১ৰ পৰা ৬০ বছৰ বয়সৰ ভিতৰৰ। তৃতীয় পৰ্যায়ত অসমত ৪ খন, বিহাৰৰ ৫, ছত্তিশগড়ৰ ৭, গোৱাৰ দুখন, গুজৰাটৰ ২৫, কৰ্ণাটকৰ ১৪, মধ্যপ্ৰদেশৰ ৮, মহাৰাষ্ট্ৰৰ ১১, উত্তৰ প্ৰদেশৰ ১০, পশ্চিমবংগৰ ৪ তথা গোৱা, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ দুখনকৈ আসনৰ বাবে ভোটগ্রহণ চলি আছে। এইটো পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যকে ধৰি দেশৰ ১৬ খন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, দাদা আৰু নগৰ হাভেলী, আৰু দমন আৰু দিউৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সামৰণি পৰিব।

অধিক পঢ়ক

সকলো চাওক