লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্রিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰৰ বন্ধ ঘোষণা

♦ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্রিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰে বন্ধ ঘোষণা কৰিছে। ৰাজ্যৰ সাধাৰণ প্রশাসন বিভাগে এই সন্দৰ্ভত কালি তিনিখন পৃথক অধিসূচনা জাৰি কৰিছে।

Read More News :

এই অধিসূচনা অনুসৰি প্ৰথম পৰ্যায়ত নির্বাচন হ’বলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাৰ সকলো চৰকাৰী-বে-চৰকাৰী কাৰ্যালয়ত, পঞ্চায়তীবাজ প্রতিষ্ঠান, স্থানীয় নগৰ নিকায়, শিক্ষানুষ্ঠান, বেংক, চাহ বাগিচা, উদ্যোগ আদিকে ধৰি ব্যৱসায়িক আৰু বাণিজ্যিক প্রতিষ্ঠান ১৯ এপ্রিলত বন্ধ থাকিব।

একেদৰে দ্বিতীয় পৰ্যায়ত অহা ২৬ এপ্রিলত নির্বাচন হ’বলগীয়া দৰং-ওদালগুৰি, ডিফু, নগাঁও, কৰিমগঞ্জ, শিচলৰ সংসদীয় সমষ্টিৰ অধীনৰ এলেকাৰ ক্ষেত্ৰতো একে নিয়ম প্রযোজ্য হ’ব। তৃতীয় পৰ্যায়ত নির্বাচন হ’বলগীয়া কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলত অহা ৭ মে’ত বন্ধৰ এই নির্দেশনা বলৱৎ হ’ব।

অধিক পঢ়ক

সকলো চাওক