ডাউনলোড
মোবাইল এপ

android apple
signal

এছিয়ান বক্সিং কনফেডাৰেচনৰ পদবীত অসমৰ হেমন্ত কুমাৰ কলিতা-লাভলিনা বৰগোহাঁই

অসমৰ লাভলিনা বৰগোঁহাই আৰু হেমন্ত কুমাৰ কলিতাই এছিয়ান বক্সিং কনফেডাৰেছন (এবিচি)ৰ নতুন কমিটীত গুৰুত্বপূৰ্ণ পদবী লাভ কৰিছে৷ থাইলেণ্ডত অনুষ্ঠিত এ বি চিৰ সভাত লোৱা সিদ্ধান্ত অনুসৰি ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিবপ্ৰধান তথা অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাক ‘অলিম্পিক কমিচন’ৰ সদস্যৰূপে মনোনীত কৰা হৈছে৷ কলিতাই আঠজনীয়া এই কমিটীত ভাৰতীয় প্ৰতিনিধিৰূপে দায়িত্ব লাভ কৰিছে৷ ইফালে, টকিঅ’ অলিম্পিকত পদক লাভ কৰা তথা খেলৰত্ন সন্মান প্ৰাপ্যক মহিলা বক্সাৰ লাভলিনাক এ বি চিৰ চাৰিজনীয়া এথলীট কমিটীলৈ একমাত্ৰ ভাৰতীয়ৰূপে নিৰ্বাচিত কৰা হৈছে৷

অধিক পঢ়ক

সকলো চাওক