ডাউনলোড
মোবাইল এপ

android apple
signal

April 10, 2025 7:11 PM | Los Angeles

printer

LOS ANGELES OLYMPIC-ত হ’বলগীয়া ক্ৰিকেট প্ৰতিযোগিতাত টী-২০ পদ্ধতি অনুসৰণ

২০২৮ চনৰ LOS ANGELES OLYMPIC-ত হ’বলগীয়া ক্ৰিকেট প্ৰতিযোগিতাত টী-২০ পদ্ধতি অনুসৰণ কৰা হ’ব। এই প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলা উভয় শাখাতে ছটাকৈ দলে অংশগ্ৰহণ কৰিব। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি – আই অ’ চিৰ কাৰ্যবাহী পৰিষদে কালি অনুষ্ঠিত এখন বৈঠকত LOS ANGELES OLYMPIC-ত স্থান লাভ কৰিবলগীয়া বিভিন্ন প্ৰতিযোগিতাৰ ক্ষেত্ৰত অনুমোদন জনায়। আয়োজকসকলে ঘোষণা কৰা মতে, পুৰুষ আৰু মহিলা উভয়ৰে বাবে মুঠ ৯০ গৰাকীকৈ খেলুৱৈৰ দলৰ অংশগ্ৰহণত অনুমোদন জনোৱা হ’ব। অলিম্পিকৰ অংশ হিচাপে আয়োজিত ক্রিকেট প্রতিযোগিতাৰ স্থানসমূহ বৰ্তমানলৈ চূড়ান্ত কৰা হোৱা নাই ।

উল্লেখযোগ্য যে আসন্ন অলিম্পিক প্রতিযোগিতাৰ তালিকাত ৫ বিধ খেল নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে। আই অ’ চিয়ে দুবছৰ পূৰ্বে ক্ৰিকেটৰ লগতে বেছবল অথবা ছফ্টবল, ফ্লেগ ফুটবল, লেক্ৰ’ছ-ছিক্স আৰু স্কোৱাছ খেলক অলিম্পিকত অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

 

অধিক পঢ়ক

সকলো চাওক